কম টকাৰে আৰম্ভ কৰক এই ব্যৱসায় । বজাৰত পাইছে বিপুল চাহিদা ।

Low Investment Business: বৰ্তমান যুৱক /যুৱতী সকল আত্মনিৰ্ভৰশীল হোৱাৰ বাবে নিজেই এটা ব্যৱসায় আৰম্ভ কৰাত বিপুল উৎসা আছে ৷ বেলেগৰ দুৱাৰ দলিত গৈ এটাৰ পিছত এটা কোম্পানীত চাকৰিৰ বাবে শাৰী পাতি থিয় হোৱাৰ পৰিৱৰ্তে সময় থাকোতেই যদি আপুনি ব্যৱসায় এটা কৰাৰ প্ৰতি গুৰুত্ব দিয়ে, এদিন দেখিব যে আপুনি এটা সময়ত চাকৰিতকৈ বহু বেছি টকা উপাৰ্জন কৰিব পাৰিব। সেই উদ্দেশ্যে এতিয়া বেছিভাগ মানুহেই ব্যৱসায় কৰাৰ ফালে ঢাল মিলিছে।

ব্যৱসায়ৰ বুলিলে মানুহে ভাবে বহু মূলধনৰ , যিটো বেছিভাগ মানুহেই জানে। কিন্তু জানেনে, আপুনি কম টকা বিনিয়োগ কৰিও এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব ।

এই ব্যৱসায়ত ভালদৰে কৰিলে লাভৰ পৰিমাণ যথেষ্ট বেছি হ’ব। তেনে এটা ব্যৱসায় আজি মই আপোনালোকৰ মাজলৈ এই পোষ্ট টোৰ জৰিয়তে লৈ আহিছোঁ। য’ত আপুনি সামান্য বিনিয়োগেৰে ব্যৱসায় আৰম্ভ কৰে তেন্তে বজাৰৰ চাহিদা অনুসৰি যোগান ধৰিব পাৰিব আৰু লাভৰ এটা মোটা অংক লাভ কৰিব ।

কাগজৰ প্লেটৰ ব্যৱসায় আৰম্ভ :

আজি আমি যিটো ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিম সেইটো হ’ল – কাগজৰ প্লেট তৈয়াৰ কৰা ব্যৱসায়। বৰ্তমান সময়ত প্লাষ্টিক বা থাৰ্মোকল ফুড প্লেট নিষিদ্ধ কৰা হৈছে। যেতিয়াৰ পৰা এইবোৰ বস্তু নিষিদ্ধ হোৱাৰ বাবে দিনক দিনে কাগজৰ প্লেটৰ চাহিদা বাহিব ধৰিছে।

হোটেল, ৰেষ্টুৰেণ্ট, পৰা ঘৰত কৰা সৰু হকাম, আদি সকলোকে ধৰি, ৰাস্তাৰ কাষত সন্ধিয়া ফাষ্ট ফুড বিকা দোকান খনৰ লৈকে কাগজৰ প্লেটত খাদ্য দিয়াটো প্ৰায় এটা ট্ৰেণ্ড হৈ পৰিছে।

যিকোনো পূজা পৰ্বত, ধৰ্মীয় অনুষ্ঠান বোৰত এই কাগজৰ প্লেট ব্যৱহাৰ কৰিব পাৰি আৰু কৰিও আছে। ই প্ৰদূষণ মুক্ত হোৱাৰ বাবে এই কাগজৰ প্লেটবোৰ বজাৰৰ চাহিদা দিনক দিন যথেষ্ট বৃদ্ধি পাই আহিছে ।

এতিয়া কাগজৰ প্লেট তৈয়াৰ কৰা ব্যৱসায় আৰম্ভ কৰাৰ সবিশেষ জানো আহক:

প্ৰথমতে আমি ইয়াত কিমান টকা বিনিয়োগ কৰিব লাগিব? ই এটা ডাঙৰ প্ৰশ্ন। এই ব্যৱসায় আমি অতি কম টকাৰে মূলধন বিনিয়োগ কৰি কাগজৰ প্লেট নিৰ্মাণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰো ।

আনকি আমি ঘৰৰ পৰাই এই কাগজৰ প্লেট বনাই বিক্ৰী কৰি দৈনিক বহু টকা উপাৰ্জন কৰিব পাৰি। এই ব্যৱসায় কৰিবলৈ ৪০ৰ পৰা ৫০ হাজাৰ টকা বিনিয়োগ কৰিব লাগিব।

যদি আপুনি ইয়াতকৈ বেছি টকা বিনিয়োগ কৰিব পাৰে তেনেহলে সয়ংক্ৰীয় যন্ত্ৰ আনি এই কাম কৰিব পাৰি। যদি আমি এই কাম কৰো তেনেহলে আমি বহুত উৎপাদন কৰিব পাৰিম। কিন্তু প্রথমে ইয়াৰ প্রয়োজন নাই ৷

আৰম্ভণিতে সৰু মূলধন বিনিয়োগ কৰি এই ব্যৱসায় আৰম্ভ কৰক। আৰু আপোনাৰ ওচৰৰ মাৰ্কেট বিষয়ে জানি লওক।

আৰম্ভণিতে কি কি সঁজুলিৰ বা যন্ত্ৰৰ প্ৰয়োজন হ’ব ? (Machines and Raw Materials)

কাগজৰ প্লেট বনোৱা ব্যৱসায়িক যন্ত্ৰৰ দাম প্ৰায় ১৫ হাজাৰ টকাৰ পৰা আৰম্ভ হয় আৰু 1 লাখ+ টকা পৰ্যন্ত লৈকে বজাৰত ঊপলব্ধ। বজাৰত আৰু বিভিন্ন ধৰণৰ মেচিন আছে বহুত প্ৰতিষ্ঠানে এই ধৰনৰ মেচিন সমূহ বনাই। এতিয়া আপুনি নিজৰ সামৰ্থ্য অনুসৰি বিনিয়োগ কৰি মেচিনটো কিনিব পাৰিব।

পেপাৰ প্লেট বনোৱাৰ বাবে প্ৰিণ্টেড পেপাৰৰ প্ৰয়োজন হ’ব। যাৰ মূল্য প্ৰতি কেজিত ২০ৰ পৰা ৪০ টকা। ইয়াক বজাৰত ৰিল হিচাবে লাভ কৰিব ।

এতিয়া আপুনি কাগজৰ প্লেট নিৰ্মাণৰ ব্যৱসায় আৰম্ভ কৰিবলৈ যিকোনো ধৰণৰ মেচিন অনলাইনত লাভ কৰিব পাৰিব। লগতে পাইকাৰী হাৰত বিভিন্ন বজাৰৰ পৰা অফলাইন কিনিব পাৰিব।

অৱশ্যে ব্যৱসায় আৰম্ভ কৰাৰ আগতে ব্যৱসায়ৰ বাবে এক সম্যক বাজেট প্ৰস্তুত কৰক। কিমান বিনিয়োগ, কিমান খৰচ হৈছে, মেচিনৰ দাম কিমান, এই ব্যৱসায় আৰম্ভ কৰিবলৈ সামগ্ৰীৰ মানদণ্ড ভাল কৰি ৰাখিব লাগে। লগতে চৰকাৰী নিয়ম অনুসৰি অনুজ্ঞাপত্ৰকে ধৰি বিভিন্ন নথি প্ৰস্তুত কৰক। যাতে কোনো সমস্যাৰ সন্মুখীন হ’ব লগা নহয়।

এই ব্যৱসায় কৰি আমি কিমান টকা উপার্জন কৰিব পাৰি?

সাধাৰণতে বজাৰত কাগজৰ প্লেটৰ চাহিদা বেছি হোৱাৰ বাবে বৃহৎ পৰিমাণৰ প্লেট যোগান ধৰা সম্ভৱ। চাহিদা বেছি হোৱাৰ ফলত লাভৰ হাৰ যথেষ্ট ভাল হ’ব।

প্ৰতিখন কাগজৰ প্লেটত কম বেছি পৰিমাণে ৮০ৰ পৰা ৯০ পইচা বিক্ৰী কৰিব পাৰিব। ফলত যদি আপুনি এটা সাধাৰণ হিচাপ কৰে তেন্তে আপুনি লাভৰ সংখ্যাটো দেখা পাব। মাহৰ শেষত আপুনি ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব।